January 12, 2026 12:42 PM

views 7

শ্রীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-বান’কে ধৰি ১৫ টা উপগ্ৰহৰ উৎক্ষেপনৰ তৃতীয় পর্যায়ত বিজুতি

অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাবন মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভিচি ছিক্সটি টু ৰকেটৰ সহায়ত আজি উৎক্ষেপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ 'লাচিত-বান'কে ধৰি ১৫ টা উপগ্ৰহৰ উৎক্ষেপনৰ তৃতীয় পর্যায়ত বিজুতি সংঘটিত হয়। অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ 'লাচিত-বান' আজি দিনৰ ১০ বাজি ১৭ মিনিটত উৎক্ষেপন কৰা হৈছিল। ইয়াৰ লগতে দেশী-বিদেশী ১৫ টা কৃত্রিম উপগ্রহ আছিল। উৎক্ষেপনৰ তৃতীয় পর্যায়ত নিয়ন্ত্রণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত...