September 25, 2024 7:50 PM

views 26

দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে : শ্রম মন্ত্ৰালয়

শ্রম মন্ত্ৰালয়ে জাৰি কৰা বাৰ্ষিক পর্যাবৃত্ত শ্রম শক্তি জৰীপ অনুসৰি যোৱা বছৰ দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। এই ক্ষেত্ৰত হাৰিয়ানাৰ দৰে ৰাজ্যসমূহে গুৰুত্বপূৰ্ণ প্ৰগতি লাভ কৰিছে। প্রতিবেদন অনুসৰি ২০২৩-২৪ বৰ্ষৰ কর্মসংস্থাপনহীনতাৰ ৰাষ্ট্ৰীয় গড় হাৰ ৩ দশমিক ২ শতাংশ আছিল। এই হাৰ ২০২২-২৩ বৰ্ষৰ তুলনাত ৫ দশমিক এক শতাংশ হ্রাস পাইছে। হাৰিয়ানা, তামিলনাড়ু, চত্তিশগড় আৰু মধ্যপ্ৰদেশত কর্মসংস্থাপনহীনতাৰ হাৰ সৰ্বাধিক হ্ৰাস পাইছে। কর্মসংস্থাপনহীনতাৰ হাৰ সামগ্ৰিকভাৱে হ্ৰাস পোৱা সত্তেও এক...