July 30, 2025 9:16 PM
12
দেশত বৰ্তমান ৫৮৫টা আকাশবাণী এফ এম ষ্টেচন আৰু ৩৮৮টা ব্যক্তিগত এফ এম ৰেডিঅ’ ষ্টেচন কাৰ্যকৰী
দেশত বৰ্তমান ৫৮৫টা আকাশবাণী এফ এম ষ্টেচন আৰু ৩৮৮টা ব্যক্তিগত এফ এম ৰেডিঅ' ষ্টেচন কাৰ্যকৰী হৈ আছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বিগত বৰ্ষৰ আগষ্টত চৰকাৰে জম্মু-কাশ্মীৰৰ তিনিটা চেনেলকে ধৰি এফ এম চেনেল নথকা ২৩৪ খন নতুন চহৰৰ বাবে ৭৩০টা ব্যক্তিগত এফ এম চেনেলৰ ই-নিলামত অনুমোদন জনাইছিল। তেওঁ লগতে কয় যে এই নতুন চহৰকেইখনৰ এফ এম চেনেলসমূহৰ বাৰ্ষিক অনুজ্ঞাপত্ৰৰ মূল্য মুঠ ৰাজহৰ ৪ শতাংশ হ'ব। আনহাতে এই চেনেলসমূহ কাৰ্য...