June 17, 2025 9:43 AM

views 10

টাজিকিস্তান আৰু কিৰ্গিস্তানৰ বিৰুদ্ধে প্ৰীতি খেলত ভাগ ল’বলগীয়া ভাৰতৰ ২৩ বছৰ অনূৰ্ধ্ব পুৰুষৰ ফুটবল দলৰ সদস্যৰ নাম ঘোষণা

ভাৰতৰ ২৩ বছৰ অনূৰ্ধ্ব পুৰুষৰ ফুটবল দলৰ মুখ্য প্রশিক্ষক নৌছাদ মুছাই টাজিকিস্তান আৰু কিৰ্গিস্তানৰ বিৰুদ্ধে প্ৰীতি খেলত ভাগ ল'বলগীয়া ২৩জনীয়া দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। ভাৰত কাইলৈ ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত টাজিকিস্তানৰ ৰাজধানী ডুছানবেৰ সমীপৱৰ্তী হিছ'ৰৰ চেণ্ট্ৰেল ষ্টেডিয়ামত দেশখনৰ দলটোৰ মুখামুখি হ'ব। ইয়াৰ পাছত অহা ২১ জুনত একেখন ঠাইতে আৰু একে সময়তে ভাৰত কির্গিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই দুখন খেলৰ বাবে ভাৰতীয় দলটো কালি বিয়লি টাজিকিস্তানলৈ ৰাওনা হয়। এই ভ্ৰমণৰ বাবে দলটোৱে যোৱ...