June 13, 2024 12:12 PM

views 23

কুৱেইটৰ মাংগাফত সংঘটিত অগ্নিকাণ্ডত ৪০জন ভাৰতীয় লোকৰ মৃত্যু, ৫০জনতকৈ অধিক লোক আহত

বিদেশ মন্ত্রালয়ে জনোৱা অনুসৰি কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হৈছে । দেশখনত থকা ভাৰতীয় দূতাবাসে কুৱেইট কৰ্তৃপক্ষ আৰু শ্ৰমিকসকল কৰ্মৰত কোম্পানীটোৰ পৰা ঘটনাৰ সবিশেষ সংগ্ৰহ কৰি থকা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে । মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আহতসকলক বর্তমান পাঁচখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসালয় কর্তৃপক্ষই ভৰ্তি হোৱা লোকস...