January 21, 2025 8:33 PM

views 11

অসমৰ চাৰিনাম চৈধ্য প্ৰসংগৰে মুখৰিত প্ৰয়াগৰাজৰ মহাকুম্ভমেলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত বিশ্বাস আৰু সংস্কৃতিৰ মহাকুম্ভমেলাৰ বাকৰি আজি অসমৰ চাৰিনাম চৈধ্য প্ৰসংগৰে মুখৰিত হৈ পৰে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত কুম্ভমেলালৈ যোৱা সত্ৰাধিকাৰ তথা গায়ন-বায়নৰ দলটোৱে হৰিনামেৰে কুম্ভমেলাস্থলী মুখৰ কৰি তোলে। কুম্ভমেলাস্থলীত সত্ৰৰ আৰ্হিত নামঘৰ প্ৰতিষ্ঠা কৰা হয়। গুৰু আসন প্ৰতিষ্ঠাৰ লগতে মেলাস্থলীত ভাগৱত পাঠ আৰু ইয়াৰ ব্যাখ্যাও বৰ্ণনা কৰা হয়।