November 2, 2024 12:52 PM

views 20

প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

 প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ কালি ৯১ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁ যোৱা কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল। অসমৰ চলচ্চিত্ৰ তথা নাট্য ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়াই যোৱা ভট্টাচাৰ্যই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত নাট পৰশুৰামৰ অভিনয়ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল। একাধাৰে অভিনেতা, পৰিচালক তথা অনাতাঁৰশিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যৰ ১৯৩৩ চনৰ ১৮ আগষ্টত গুৱাহাটীত জন্ম হৈছিল। কালিপ্রসন্ন ভট্টাচাৰ্য আৰু কমলা দেৱীৰ তৃতীয়...