November 10, 2025 5:38 PM

views 31

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ ৰাসথলীত কালি ইংলেণ্ড, স্কটলেণ্ডকে ধৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা ১৭ জনীয়া পৰ্যটকৰ এটা দলে ৰাসলীলা উপভোগ কৰে। নদীপথেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দলটোৱে নিশা শিলঘাটত নদীৰ বুকুত জাহাজতে অতিবাহিত কৰাৰ পাছত আজি পুৱা পুনৰ কাজিৰঙা দৰ্শনৰ বাবে যাত্ৰা কৰে। ইপিনে, বাক্সা জিলাত ৯২ সংখ্যক পূব খাগ্ৰাবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসলীলাই অগণন লোকক মুগ্ধ কৰিছে। এই ৰাসলীলা উপভোগ কৰিবলৈ বহু লোকৰ সমাগম হৈছে।

November 6, 2025 11:10 AM

views 64

ৰাজ্যজুৰি পৱিত্ৰ ৰাস মহোৎসৱ উদযাপন

● ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পৱিত্ৰ পৰিবেশে বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিবেশনৰ লগতে মৃণ্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰে। ১৫ দিনীয়া কাৰ্যসূচীৰে ৭৯ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো পলাশবাৰী ৰাস মহোৎসৱত শিশু কৃষ্ণ প্রতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতৰ লগতে দক্ষিণ কামৰূপীয়া লোকগী...

November 4, 2025 10:55 AM

views 74

● আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি আৰম্ভ হ'ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা- কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। মাজুলীৰ ৬৭ খন ৰাস মহোৎসৱৰ কেইবাখনো আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি...

November 14, 2024 12:38 PM

views 30

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গোৱালপাৰা জিলাৰ ছন্দৰীয়াৰ সাৰ্বজনীন ৰাসমেলা খেলপথাৰত কাইলৈৰপৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। তদুপৰি জিলাখনৰ দুধনৈ ৰাজহুৱা খেলপথাৰত ১৫ দিনীয়া আৰু মাকৰিত ছদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাতো কাইলৈ ১৬ দিনীয়া কাৰ্যসূচীৰে ৬৫ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ হ'ব। সেই অনুসৰি কাইলৈ পূজা, ভাগৱত পাঠ, নাম-কীৰ্তন আদি বিভিন্ন কাৰ্...

November 12, 2024 9:10 AM

views 31

শিৱসাগৰৰ হাফলুটিং বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন

শিৱসাগৰ জিলাৰ হাফলুটিং বৰনামঘৰ আৰু কলা-কৃষ্টি কেন্দ্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ মাধ্যমেৰে আৰম্ভ হ'বলগীয়া ৭০ সংখ্যক মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বৰনামঘৰৰ নৱনিৰ্মিত কীৰ্তন গৃহৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ৰাসক্রীড়া মহোৎসৱৰ পাছত ১৬ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ...

November 10, 2024 11:32 AM

views 35

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত উৎসাহ উদ্দীপনা সৃষ্টি হৈছে। অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত ৰাস মহোৎসৱ উদযাপিত হ'ব। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআঁটী, বেঙেণাআঁটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ হিচাপে বিবেচিত হোৱাৰ লগতে দেশ বিদেশ পর্যটকসকলকো এই উৎসৱৰ বাৰেৰহণীয়া পৰম্পৰাই আকৰ্ষ...

November 2, 2024 7:18 PM

views 31

ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন

ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন কৰা হৈছে। মাজুলীৰ বিভিন্ন সত্ৰ আৰু নামঘৰসমূহত ভক্তিপ্ৰাণ বৈষ্ণৱ সমাজে শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলাৰ আখৰা অব্যাহত ৰাখিছে। জিলাখনত সৰ্বমুঠ ৬৫ খন ৰাস প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। ইফালে, নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী তেলগৰমত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ আয়োজন কৰা হৈছে । প্রথমদিনা শিশু শিল্পীৰ দ্বাৰা অভিনীত যুৱৰাজ কংস, দ্বিতীয় দিনা মহিলা শিল্পীৰ দ্বাৰা মহাৰাজ কংস আৰু অন্তিমদিনা কংস বধ ৰাস নাটৰ প্ৰদৰ্শন কৰা হ'ব। ইফালে, নামনি অসমতো পলাশবাৰী, মির্জা, ...