May 22, 2024 10:33 AM
16
আই আই টি ইন্দোৰৰ পৰা ৯.৪৫ চি জি পি এৰে অসমৰ কৃশাংগী কাশ্যপৰ শীৰ্ষস্থান
ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্রতিষ্ঠান ইন্দোৰৰ পৰা ৯ দশমিক ৪-৫ চি জি পি এৰে অসমৰ কৃশাংগী কাশ্যপে শীৰ্ষত আৰোহণ কৰিছে। আই আই টি ইন্দোৰৰ জ্যোর্তিবিজ্ঞানৰ ছাত্ৰী অসমৰ কৃশাংগী কাশ্যপে এস্ট্রোনমী, এস্ট্রোফিজিকছ এণ্ড স্পেচ ইঞ্জিনীয়াৰিং বিষয়ৰ স্নাতকোত্তৰ পৰীক্ষাত সৰ্বমুঠ ৯ দশমিক ৪-৫ চি জি পি এৰে আই আই টি টপাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি বৰপেটাত বাস কৰা পাঠশালাৰ ৰহাধৰ বীৰকলা গাঁৱৰ হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা কৃশাংগীয়ে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্রী ল...