January 4, 2025 7:42 PM

views 26

অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষক মেলা ২০২৫ মুকলি

কৃষিমন্ত্ৰী অতুল বৰাই আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজিত আঞ্চলিক কৃষক মেলা ২০২৫ আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষিমন্ত্ৰী শ্ৰীবৰাই লগতে মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কৃষক, কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। কৃষি খণ্ডলৈ অহা জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানকে ধৰি মাটি, পানীকে ধৰি পৰিবেশ সংক্রান্তীয় আন সমস্যাসমূহ নেওচি কৃষি খণ্ডৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলত কৃষিভিত্তিক অর্থনীতি শক্তি...