August 22, 2025 8:02 PM

views 12

দৰঙৰ সুলভ মূল্যৰ দোকানী, সমবায় সমিতিৰ প্ৰতিনিধিৰে বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ বৈঠক

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ প্ৰতিনিধিসকলক স্বচ্ছ আৰু নিকাভাৱে ৰাজহুৱা বিতৰণ ব্যৱস্থাটো আগবঢ়াই নিবলৈ আহ্বান জনাইছে। দৰং জিলাৰ সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে বিভাগটোৰ অভিলাসী আচনি সম্পৰ্কত মঙলদৈৰ জিলা পুথিভড়ালত আজি এখন সজাগতা সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। শ্ৰীৰায়ে অহা অক্টোবৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে সুলভ মূল্যত লাভ কৰিবলগীয়া মচুৰ ডাইল, চেনী আৰু নিমখ বিতৰণ সন্দৰ...