January 20, 2025 7:59 PM
11
কোচ ৰাজবংশী সন্মিলীত মঞ্চৰ মঙলবাৰৰ ১২ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ
কোচ ৰাজবংশী সন্মিলীত মঞ্চই কাইলৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সংস্থাটোৱে যোৱা ৭ জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছিল। মঞ্চৰ ১৪ জনীয়া এটা প্ৰতিনিধি দলে যোৱা শনিবাৰে গুৱাহাটীত মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয়। আলোচনাত শ্ৰী হাজৰিকাই জনগোষ্ঠীটোৰ দাবীসমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আনুষ্ঠানিক বৈঠক অনুষ্ঠিত কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক অসম বন্ধ উঠাই ল'বলৈ আহ্বান জনায়। সেই অনুস...