December 6, 2025 8:25 PM
16
কোচ ৰাজবংশী নাগৰিক মঞ্চৰ উদ্যোগত বঙাইগাওঁ বিশ্ববিদ্যালয় প্রেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ অনুষ্ঠিত
কোচ ৰাজবংশী নাগৰিক মঞ্চৰ উদ্যোগত বঙাইগাওঁ বিশ্ববিদ্যালয় প্রেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। উদ্বোধনী অনুষ্ঠানত মূল বক্তা হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড° সমুদ্রগুপ্ত কাশ্যপৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা লেখক ড° শান্ত বর্মনে অংশগ্ৰহণ কৰে। অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাস, আৰ্থসামাজিক আৰু ৰাজনৈতিক অৱস্থা শীৰ্ষক এই আলোচনাচক্ৰত শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চল পার্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিময় প্রধানে ভাষণ আগবঢ়ায়। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, ড°...