October 22, 2024 2:44 PM

views 32

প্ৰতিবাদী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বৈঠক

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি নবান্নাত থকা ৰাজ্যিক সচিবালয়ত প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাৰ ভুক্তভোগীৰ বাবে ন্যায় প্ৰদানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত কনিষ্ঠ চিকিৎসকসকলে তেওঁলোকৰ অনশন বাতিল কৰিছে। বৈঠকত ৰাজ্যখনৰ মুখ্য সচিব আৰু গৃহ সচিবো উপস্থিত থাকে।

September 15, 2024 7:48 PM

views 22

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা  প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ মণ্ডলক ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ

পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা তালা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক আজি ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। দুয়োজন অভিযুক্তকে আজি শিয়ালদহ আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে দুয়োজন অভিযুক্তকে কালি নিশা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল।