August 24, 2024 9:14 PM

views 20

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি ৭জন লোকৰ পলিগ্রাফ টেষ্ট

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি সাতজন লোকৰ পলিগ্রাফ টেষ্ট সম্পন্ন কৰিছে। এই ঘটনাৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা একমাত্র ব্যক্তি সঞ্জয় ৰায়, ঘটনাৰ পূৰ্বে ভুক্তভোগী আৱাসীক চিকিৎসক গৰাকীৰ সৈতে থকা চাৰিগৰাকী চিকিৎসক আৰু কলকাতা আৰক্ষীৰ দুগৰাকী স্বেচ্ছাসেৱকৰো পলিগ্রাফ টেষ্ট কৰা হয়। শিয়ালদাহৰ আদালতে চি বি আইক পলিগ্রাফ টেষ্টৰ অনুমতি প্ৰদান কৰিছিল। একেখন আদালতে কালি সঞ্জয় ৰায়ক ১৪ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। ...