June 1, 2025 3:08 PM

views 30

কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীশ্বাহে কয়, যে এই নতুন গৱেষণাগাৰটোৱে পূব আৰু উত্তৰ পূব ভাৰতৰ বহুতো জটিল গোচৰৰ সমাধানত সহায় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা কলকাতালৈ আহে। বিমানবন্দৰত তেওঁক বিজেপি নেতা সুভেন্দু অধিকাৰী আৰু দলৰ অন্যান্য নেতাকর্মীয়ে আদৰণি জনায়। আজি শ্ৰীশ্বাহে বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ কথা।

April 9, 2025 1:12 AM

views 20

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ কৰা হয়। এই ট্রাকখন ৰুণিখাটাৰ খাইছুবাৰীৰ চোমখৰ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হয়। আৰক্ষীয়ে চোমখৰ বসুমতাৰীক চোমখৰ বসুমতাৰী গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ট্রাকখনৰ পৰা সামগ্ৰীসমূহ চুৰি হোৱাৰ পিছত ট্ৰাকৰ মালিকে এই সন্দৰ্ভত আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰূপচান আলী আৰু ইমানুল হক নামৰ ট্ৰাক চালক দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত এই ঘটনা পোহৰলৈ আহে। ট্রাক চালক দুজনৰ ভাষ্যৰ ভিত্তিতে ট্রাকখন ...

January 22, 2025 8:04 PM

views 32

কলকাতাৰ নন্দন ছবিগৃহত ১১ সংখ্যক ক’লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন

কলকাতাৰ নন্দন ছবিগৃহত আজি ১১ সংখ্যক ক'লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। পশ্চিম বংগ চৰকাৰৰ সম্প্ৰচাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু শিশু- কিশোৰ একাডেমীৰ উদ্যোগত চলিত মাহৰ ২৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত ৩০খন দেশৰ মুঠ ১১৬খন ছবি ক'লকাতাৰ নন্দন, একতাৰা মুক্ত মঞ্চ আদি ছবিগৃহসমূহত প্ৰদৰ্শিত হ'ব।

November 12, 2024 8:40 AM

views 22

আৰ জি কৌৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা গোচৰৰ ট্ৰায়েল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

কলকাতাৰ চিয়ালদাহ আদালতত আজি আৰ জি কৌৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা গোচৰত ট্ৰায়েল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আয়ে এই গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। আদালতত এই বিচাৰ প্ৰক্ৰিয়া দৈনিক ভিত্তিত অব্যাহত থাকিব।

September 6, 2024 8:41 PM

views 27

চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা বিজেপিৰ

বিজেপিয়ে কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সম্বিত পাত্ৰাই কয় যে, ঘটনাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃয়ে জিলাধিপতিয়ে ধনৰ প্ৰস্তাৱ দিয়া বুলি আৰু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রীপাত্ৰাই কয় যে, এই ঘটনাক লৈ লুকাবলগীয়া এনে কি আছিল, যাৰ বাবে তৃণমূল চৰকাৰে বিষয়াগৰাকীক ধনৰ প্ৰস্তাৱ লৈ ভুক্তভোগী পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছিল৷

May 8, 2024 6:30 PM

views 31

আজি  কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬৪ সংখ্যক জয়ন্তী 

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬৪ সংখ্যক জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হাইলাকান্দি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান, বেচৰকাৰী প্ৰতিষ্ঠানত ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হৈছে। বৰাক উপত্যকা বংগ সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ উদ্যোগত হাইলাকান্দিত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত কবিগুৰুৰ প্ৰতি শ্ৰদ্ধা জনাই ভালেমান কার্যসূচী গ্ৰহণ কৰা হয়।