August 31, 2024 12:34 PM

views 18

কোকৰাঝাৰত সামাজিক আৰু ছপা মাধ্যমৰ বাবে বিভাগীয় একক যোগাযোগ বিন্দুৰ উদ্বোধনী কার্যসূচী

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত কালি সামাজিক আৰু ছপা মাধ্যমৰ বাবে বিভাগীয় একক যোগাযোগ বিন্দু, চমুকৈ এছ পি অ’ চিৰ বাবে উদ্বোধনী কার্যসূচী অনুষ্ঠান অনুষ্ঠিত হয়। কোকৰাঝাৰৰ বি টি চি সচিবালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত এই কাৰ্যসূচীত এছ পি অ চিসমূহক নিজৰ বিভাগৰ সংবাদ মাধ্যমৰ কাম-কাজ ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সজ্জিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। উদ্বোধনী কাৰ্যসূচী যুটীয়া সচিব আৰু বিটিচিৰ আঞ্চলিক বিষয়া সচিবৰ মুৰব্বীয়ে পৰিচালনা কৰে।