January 20, 2025 8:08 PM

views 13

কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড ক্রীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ

কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা বড়োলেণ্ড ক্রীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে। বিটিচি ক্রীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত এই ক্রীড়া সমাৰোহ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে উদ্বোধন কৰে। এই ক্রীড়া সমাৰোহত বিটিআৰৰ ৫ খন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰিৰ প্রায় এহেজাৰ ক্রীড়াবিদে অংশগ্রহণ কৰিছে। প্ৰতিযোগীসকলে এথলেটিকছৰ বিভিন্ন শাখাৰ লগতে ফুটবল, ভলীবল, কাবাডী, ধনু চালনা আৰু কেইবাবিধো থলুৱা খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। পৰহিলৈ এই প্রতিযোগিতাৰ সামৰণি পৰিব।