January 1, 2025 8:56 PM
13
কোকৰাঝাৰৰ বাগানশালিৰ বাথৌ থানশালিত বিশ্বশান্তি আৰু মানৱ কল্যাণৰ বাবে সমূহীয়া প্ৰাৰ্থনা
কোকৰাঝাৰ চহৰৰ বাগানশালিৰ বাথৌ থানশালিত বিশ্বশান্তি আৰু মানৱ কল্যাণৰ বাবে আজি সমূহীয়া প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বি টি আৰ বিধায়িনী পৰিষদৰ অধ্যক্ষ কাটিৰাম বড়ো, কার্যবাহী সদস্য ড০ নিলুট স্বৰ্গীয়াৰীৰ লগতে বি টি আৰৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। অধ্যক্ষ শ্ৰীবড়োৱে বাথৌ থানশালিত নৱনিৰ্মিত বাথৌ বেদীৰ শুভাৰম্ভ কৰে।