August 26, 2024 8:59 PM

views 23

কোকৰাঝাৰৰ হাব্ৰুবাৰীত অতিথিশালা আৰু টাউন হলৰ আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ

বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ নগৰৰ হাব্ৰুবাৰীত অতিথিশালা আৰু এটা টাউন হলৰ আধাৰশিলা স্থাপন কৰে। আধুনিক প্রযুক্তিৰে নিৰ্মাণ হ'বলগীয়া টাউন হলত প্ৰায় ৮০০ লোকে অংশগ্রহণ কৰিব পৰাৰ সুবিধা থাকিব। এই ভৱনটো নিৰ্মাণ ব্যয় প্রায় ২৪ কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে, অতিথিশালাটোৰ নিৰ্মাণ ব্যয় ২১ কোটি ৮৬ লাখ টকা ধাৰ্য কৰা হৈছে। আজিৰ অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য উইলচন হাছদা আৰু কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ প্রতিভা ব্ৰহ্ম উপস্থিত থাকে।