September 21, 2024 9:29 PM
10
কোকৰাঝাৰ জিলাত স্বচ্ছতাই সেৱা কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ অংশগ্ৰহণ
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি কোকৰাঝাৰ জিলাত স্বচ্ছতাই সেৱা কাৰ্যসূচীত অংশ লোৱাৰ লগতে কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰে। তেওঁ বড়োফা সাংস্কৃতিক কেন্দ্ৰত আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হৈ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধা তৰ্পণ কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক আৰু প্ৰশাসনীয় কামকাজৰ বুজ লয়। বিশ্ববিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা আৰু প্ৰশাসনীয় বিষয়ববীয়াসকল...