January 20, 2026 6:35 PM

views 13

কোকৰাঝাৰৰ কাৰিগাঁৱত সংঘটিত গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত ১৯জন লোকক আটক; পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে কোকৰাঝাৰ-চিৰাঙত ইণ্টাৰনেট কৰ্তন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা সংঘটিত গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৯জন লোকক আটক কৰিছে। ঘটনাটো সন্দৰ্ভত সোধা-পোছা কৰাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে বুলি জানিবলৈ দি জিলাখনৰ আৰক্ষী অধীক্ষক অক্ষদ গাৰ্গে কয় যে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ ৰখাৰ উদ্দেশ্যে কোকৰাঝাৰ আৰু চিৰাং জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি জিলাখনৰ পৰিস্থিতি ...