December 15, 2025 6:20 PM

views 10

কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা ২৮ ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ

কোকৰাঝাৰৰ তাৰাং নৈৰ পাৰত অহা ২৮ ডিচেম্বৰৰ পৰা কমতা সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। ১২ দিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত কেইবাহাজাৰো শিল্পীয়ে কোচ-ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত গীত আৰু লোকনৃত্যৰ লগতে অন্যান্য নৃত্যগীত পৰিবেশন কৰিব। ইয়াৰ বাবে মহোৎসৱস্থলীত মূল প্রশিক্ষকসকলে ভালেসংখ্যক যুৱকযুৱতী আৰু কিশোৰ-কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰি আছে।