January 20, 2025 7:56 PM

views 14

কোকৰাঝাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাৰ গুৱাহাটীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান, ৩৭ লাখ টকাসহ পিষ্টল-গুলী উদ্ধাৰ

আয় বর্হিভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ আনন্দ নগৰ আৰু জয়ানগৰত থকা কোকৰাঝাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাৰ দুটাকৈ বাসগৃহত পৃথকে অভিযান চলায়। কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত তদন্তকাৰী বিষয়াসকলে সূৰ্য বৰুৱাৰ বাসগৃহৰ পৰা ৩৭ লক্ষাধিক টকাৰ লগতে এটা পিষ্টল আৰু গুলী উদ্ধাৰ কৰে। ইয়াৰ লগতে অভিযানত কেইবাখনো বিলাসী বাহন জব্দ কৰা হৈছে। মুখ্যমন্ত্ৰী তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰজী কলিতাই এই সমগ্র অভিযান তদাৰক কৰে।