October 9, 2025 9:29 PM October 9, 2025 9:29 PM
12
কোকৰাঝাৰত বিটিচিৰ নৱগঠিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ প্ৰথমখন বিধায়িনী সভা
বিটিচিৰ নৱগঠিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ প্ৰথমখন বিধায়িনী সভাৰ অধিবেশন আজি কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধায়িনী ভৱনত অনুষ্ঠিত হয়। বিপিএফৰ ২৮ জন, ইউ পি পি এলৰ ৫ জন আৰু বিজেপিৰ ৪ জনকে ধৰি মুঠ ৩৭ জন নৱনিৰ্বাচিত পাৰিষদে অধিবেশনৰ সময়ত নতুন বিটিচি চৰকাৰৰ আনুষ্ঠানিক আৰম্ভণি উপলক্ষে আজি শপত গ্ৰহণ কৰে। ত্ৰিদিপ দৈমাৰীক বিটিচি বিধায়িনী সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। বিটিচিৰ মুৰববী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অধ্যক্ষ পদৰ বাবে শ্রীদৈমাৰীৰ নাম প্ৰস্তাৱ কৰে আৰু সভাই সৰ্...