September 10, 2024 9:19 PM

views 14

নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে বড়োলেণ্ড পঠন সপ্তাহৰ শুভাৰম্ভ

নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ বাবে বিটিচি প্ৰশাসনে পুথিভঁৰাল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ড পঠন সপ্তাহৰ শুভাৰম্ভ কৰিছে। বিটিচিৰ কাৰ্যবাহী সদস্য ড০ নিলোৎপল স্বৰ্গীয়াৰীয়ে কোকৰাঝাৰ জিলা পুথিভঁৰালত আয়োজিত এটা অনুষ্ঠানত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ পৰিকল্পনামৰ্মে আয়োজিত এই কাৰ্যসূচী অহা ১৭ ছেপ্তেম্বৰপৰ্যন্ত চলিব। বিটিআৰৰ ৰাজহুৱা পুথিভঁৰাল আৰু শিক্ষানুষ্ঠানসমূহত এই পঠন সপ্তাহৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত বিটিচিৰ পুথিভঁৰাল ব...