April 12, 2025 8:49 PM April 12, 2025 8:49 PM
7
কোকৰাঝাৰৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্রী মহোৎসৱ
কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত আজিৰ পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্রী মহোৎসৱ অনুষ্ঠিত হৈছে। বিটিআৰৰ পৰ্যটন বিভাগে আজি চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰে। বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু কোকৰাঝাৰ পৌৰ বোৰ্ডৰ অধ্যক্ষ প্রতিভা ব্ৰহ্মই এই প্রতিযোগিতাৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে মূল প্ৰৱেশদ্বাৰ উন্মোচন, পতাকা উত্তোলন আৰু বড়ো জনগোষ্ঠীৰ থলুৱা খেল ধেমালিসমূহ অনুষ্ঠিত হয়। ৩ দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইদিং, এয়াৰ বেলুন উৰু...