November 2, 2025 7:29 PM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা সংমণ্ডল আজি পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কঁহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰি উদ্যানখনৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। আজি এই কাৰ্যসূচীত বন মন্ত্ৰীৰ সৈতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ কিছু অংশ পৰ্যটকৰ ব...