July 31, 2025 1:19 PM

views 12

১৯৬২ চনৰ যুদ্ধৰ পাছৰে পৰা চীনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ অথবা ভূমি দখল কৰিবলৈ সমৰ্থ হোৱা নাইঃ কিৰেণ ৰিজিজু

১৯৬২ চনৰ চীনৰ সৈতে যুদ্ধৰ পাছৰে পৰা চীনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ অথবা ভূমি দখল কৰিবলৈ সমৰ্থ হোৱা নাই বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু পশ্চিম অৰুণাচল সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱে কালি লোকসভাত প্ৰকাশ কৰে। অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা আলোচনাত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত শ্ৰী ৰিজিজুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই যুদ্ধৰ পাছৰে পৰা চীনে কোনো ধৰণে অৰুণাচল প্ৰদেশ নাইবা অসমৰ ভূমি দখল কৰিবলৈ সমৰ্থ হোৱা নাই।