January 20, 2025 1:06 PM

views 30

খো খো বিশ্বকাপৰ উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতৰ ইতিহাস ৰচনা

প্ৰথমবাৰলৈ অনুষ্ঠিত খো খো বিশ্বকাপৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। ভাৰতীয় পুৰুষ দলটোৱে ফাইনেলত নেপালক ৫৪-৩৬ পইণ্টৰ ব্যৱধানত আৰু মহিলা দলে নেপালকেই ৭৮-৪০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত অদমনীয় প্ৰদৰ্শনেৰে ভাৰতৰ পুৰুষ দলটোৱে গ্ৰুপ পৰ্যায়ত ব্রাজিল, পেৰু আৰু ভূটানক বৃহৎ ব্যৱধানত তথা কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমি ফাইনেলত শক্তিশালী দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। ইপিনে মহিলা দলটোৱেও গ্রুপ পৰ্যায়ত দক্ষিণ কোৰিয়া, ইৰাণ আৰু...

January 8, 2025 1:30 PM

views 23

নতুন দিল্লীত ১৩ পৰা ১৯ জানুৱাৰীলৈ খো খো বিশ্বকাপ ২০২৫

খো খো বিশ্বকাপ ২০২৫, ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত,অনুষ্ঠিত হ'ব । ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া খো খো প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণত ২০ টা পুৰুষৰ দল আৰু ১৯টা মহিলাৰ দলে প্রতিদ্বন্দ্বিতা কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাৰ বাবে গ্ৰুপ পৰ্যায়ৰ পৰা প্ৰতিযোগীতা আৰম্ভ হ'ব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব।