August 23, 2024 11:54 AM

views 23

কাইলৈৰ পৰা উত্তৰ প্ৰদেশত খেল’ ইণ্ডিয়া অস্মিতা উশ্বু লীগৰ পশ্চিম মণ্ডলৰ খেলসমূহ আৰম্ভ

খেল' ইণ্ডিয়া অস্মিতা উশ্বু লীগৰ পশ্চিম মণ্ডলৰ খেলসমূহ কাইলৈৰ পৰা উত্তৰ প্ৰদেশৰ মিৰাটৰ গডৱিন পাব্লিক স্কুলত অনুষ্ঠিত হ'ব। ৪ দিনীয়া এই প্ৰতিযোগিতাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই ক্রীড়া প্রতিযোগিতাৰ উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাটকে ধৰি পশ্চিম মণ্ডলৰ ৰাজ্যসমূহৰ মহিলা এথলীটসকল অংশগ্ৰহণ কৰিব। খেল' ইণ্ডিয়া মহিলা লীগৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰতিযোগিতাৰ খেলসমূহ পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব পৰা যাব।

August 22, 2024 5:46 PM

views 15

আজিৰেপৰা পূব মণ্ডলৰ অস্মিতা যোগাসন লীগ আৰম্ভ

বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত আজিৰেপৰা পূব মণ্ডলৰ অস্মিতা যোগাসন লীগ আৰম্ভ হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই পূব মণ্ডলৰ লীগ অহা ২৪ আগষ্টত সামৰণি পৰিব। বিহাৰ যোগাসন স্পৰ্টছ এছ'চিয়েচনে এই লীগৰ আয়োজন কৰিছে। পূব মণ্ডলৰ ৰাজ্যসমূহৰ ৫০০ গৰাকী মহিলা খেলুৱৈয়ে লীগত অংশগ্ৰহণ কৰিছে। এই ৰাজ্যকেইখন হৈছে – অসম, অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশা। ১২ৰ পৰা ১৮ আৰু ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ খেলুৱৈসকলে ৫টা প্রধান শিতানত অংশগ্ৰহণ কৰিব। খে...

July 11, 2024 8:15 PM

views 22

খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন

ওড়িশাৰ ভূৱনেশ্বৰত অনুষ্ঠিত খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন কৰে। মনিষাই য়ুথ শাখাত ১২০ কিলোগ্রাম ওজন দাঙি ৰূপৰ পদক জয় কৰে। আনহাতে ৰেখামণি গগৈয়ে জুনিয়ৰ শাখাত ৰূপ আৰু ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। অসমৰ মৃদুস্মিতা চিত্ৰকৰে ৪০ কিলোগ্রাম য়ুথ শাখাত ৰূপ পদক অর্জন কৰে।