April 23, 2025 8:02 PM

views 20

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল’ৰা-ছোৱালীৰ বৃহৎ দল প্ৰেৰণ কৰিব

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিহাৰ আৰু নতুন দিল্লীত হ'বলগীয়া আসন্ন সপ্তম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল'ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। অসমে ৪ৰ পৰা ১৫ মেলৈ হ'বলগীয়া এই প্রতিযোগিতাৰ ২৭টা শিতানৰ ভিতৰত ১৭টাত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। অসমে সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শুটিং, বক্সিং, চাইক্লিং, থাংকা, টেবল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াতু, জুডো, জিমনাষ্টিক, মাল্লখম্ব, ছেপাকটাক্ৰ' আৰু ছোৱালীৰ ভলীবল তথা কাবাড়ীত অংশ ল'ব।

April 14, 2025 8:12 PM

views 20

খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি কৰে। এই উপলক্ষে আজি পাটনাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৪ৰ পৰা ১৫ মেলৈ বিহাৰৰ ভিন ভিন চহৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হব। প্রতিযোগিতাত ভলীবল, বাস্কেটবল, বক্সিং, কাবাডীকে ধৰি নিয়মীয়া খেলসমূহৰ উপৰি এথলেটিক্স আৰু চেপাক টাকৰোৰ ১৮ বিধ ভিন ভিন ক্রীড়া অনুষ্ঠিত হ'ব।

March 28, 2025 1:40 PM

views 9

চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি, ৩৪টা সোণৰ পদকেৰে হাৰিয়ানা শীৰ্ষস্থানত

নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত কালি চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাদছেই কয় যে খেলো ইণ্ডিয়া পেৰা গেমছ পেৰা এথলীটসকলৰ বাবে নিজৰ দক্ষতা প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে। এইবেলি ক্রীড়া প্রতিযোগিতাখনত ১৮টা ৰাষ্ট্ৰীয় অভিলেখ ভংগ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য...

March 27, 2025 12:15 PM

views 19

খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি

■ খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে আয়োজন কৰা এই ক্রীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ৰক্ষা নিখিল খৰ্চে উপস্থিত থাকিব। এই ৮ দিনীয়া ক্রীড়া মহোৎসৱৰ ১,৩০০ৰো অধিক গৰাকী পেৰা এথলিটে পেৰা আৰ্চাৰী, পেৰা এথলেটিক্‌চ, পেৰা বেডমিণ্টন পেৰা পাৱাৰ লিফটিং আৰু টেবল টেনিছকে ধৰি ৬টা শিতানত প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷

March 25, 2025 8:27 PM

views 10

খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি ষষ্ঠ দিনাও এথলীটসকলৰ অনবদ্য প্ৰদৰ্শন অব্যাহত

খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি ষষ্ঠ দিনাও এথলীটসকলে তেওঁলোকৰ একনিষ্ঠ আৰু অনবদ্য প্ৰদৰ্শন অব্যাহত ৰাখিছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত পাৱাৰ লিফটিং শিতানত এথলীটসকলে তীব্র প্রতিদ্বন্দিতা আগবঢ়ায়। মহিলাৰ এলীট শাখাৰ ৬৭ কিলোগ্ৰাম ওজনৰ শিতানত কস্তুৰিয়ে সোণৰ, মেঘা পাণ্ডে ৰূপৰ আৰু জীৱনীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ এলীট শাখাৰ ৮০- কিলোগ্ৰাম ওজনৰ শিতানত সন্দেশা বিজিয়ে সোণৰ, মুৰুগনে ৰূপৰ আৰু জয়দীপে ব্ৰঞ্জৰ পদক দখল কৰে। ড° কর্নি সিং শুটিং ৰেঞ্জত অনুষ্ঠিত মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ শিতানত...

March 20, 2025 5:03 PM

views 24

দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়াম খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ’ব

নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়ামত আজি বিয়লি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ'ব। প্ৰচাৰ ভাৰতীৰ স্পোর্টছ ইউটিউব চেনেলত এই উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। এইবাৰৰ খেলো ইণ্ডিয়া পেৰা গেমছত ১,৩০০ অধিক এথলীটে মুঠ ৬বিধ ক্রীড়াত অংশ ল’ব।

March 10, 2025 1:04 PM

views 16

খেলো ইণ্ডিয়া শীতকালীন ক্রীড়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্যমক প্রতিফলিত কৰা বুলি মনোজ সিনহাৰ মন্তব্য

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই খেলো ইণ্ডিয়া শীতকালীন ক্রীড়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্যমক প্রতিফলিত কৰা বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে পৰ্যটনৰ বাবে বিশ্ব প্ৰসিদ্ধ গুলমার্গক শীতকালীন ক্রীড়াৰ নগৰ হিচাপে বিকশাই তোলা হৈছে। কালি সন্ধিয়া উত্তৰ কাশ্মীৰৰ বাৰমুল্লা জিলাৰ গুলমার্গত খেলো ইণ্ডিয়া শীতকালীন ক্রীড়া ২০২৫ৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে। তেওঁ কয়, যে ক্রীড়াই জনসাধাৰণৰ মাজত ভাতৃত্ববোধ, ক্রীড়াসুলভ মানসিকতা গঢ়ি তোলাৰ উপৰিও শান্তি, সম্প্ৰীতি আৰু একতাৰ ভাৱো জগাই তোলে। উপ-ৰাজ্যপাল শ্রীসি...

March 6, 2025 11:48 AM

views 15

২০ৰ পৰা ২৭ মাৰ্চলৈ খেলো ইণ্ডিয়া পেৰা গেমছ

■ চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ অহা ২০ৰ পৰা ২৭ মাৰ্চলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কালি এই কথা সদৰি কৰি কয়, যে দ্বিতীয়বাৰলৈ হ'বলগীয়া এই প্রতিযোগিতাত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলিটকে ধৰি এহেজাৰ ২৩০ গৰাকী পেৰা এথলিটে ছটা শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব। ২০২৪ পেৰিছ অলিম্পিক আৰু চীনৰ হাংজৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পদক বিজয়ী খেলুৱৈয়েও ইয়াত অংশগ্রহণ কৰিব। কাৰ্যসূচী অনুসৰি জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ২১ৰ পৰা ২৬ মাৰ্চলৈ পে...

December 19, 2024 8:55 PM

views 32

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। ৰাজ্যসভাত আজি লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, কেন্দ্ৰই বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহৰ খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তুলিবলৈ সহায় আগবঢ়াই আহিছে। খেল' ইণ্ডিয়া আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩২৩টা ক্রীড়া আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

October 20, 2024 8:00 PM

views 16

খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধিঃ মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি কৈছে যে খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিছে। কেৰালাৰ থিৰুৱনন্তপুৰত থকা ভাৰতীয় ক্রীড়া কৰ্তৃপক্ষৰ বিদ্যায়তনিক শাখা লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা ৩০০ খন বিচনাযুক্ত মহিলাৰ আৱাস উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ড° মন্দাভিয়াই খেলুৱৈসকলক ক্রীড়াক কেৱল চৰকাৰী চাকৰিৰ পথ বুলি নাভাবিবলৈ আহ্বান জনাই কয় যে, তেওঁলোকে...