November 24, 2025 9:26 AM

views 26

ৰাজস্থানত আজিৰে পৰা খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছৰ পঞ্চম সংস্কৰণ অনুষ্ঠিত হ’ব

ৰাজস্থানত আজিৰে পৰা হ'বলগীয়া খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছৰ পঞ্চম সংস্কৰণত অলিম্পিয়ান সাঁতোৰবিদ শ্রীহৰি নটৰাজ আৰু প্ৰখ্যাত ধনুর্বিদ ভজন কৌৰৰ লগত ৫ হাজাৰ খেলুৱৈয়ে অংশ ল'ব। দেশৰ ২৩০ খনতকৈও অধিক বিশ্ববিদ্যালয়ৰ খেলুৱৈয়ে ২৮টা বিভিন্ন শাখাত জয়পুৰ, উদয়পুৰ, যোধাপুৰ, কোটা, আজমেৰ, ভাৰতপুৰ আৰু বিকানেৰৰ বিভিন্ন স্থানত হ'বলগীয়া খেলত অংশ ল'ব। এইবেলি KIUG নামৰ এবিধ নতুন খেল অন্তৰ্ভুক্ত কৰাৰ লগতে কেনয়িং, চাইক্লিং, কায়াকিং আৰু বীচ্ ভলিবলো থাকিব।