May 11, 2025 8:07 PM May 11, 2025 8:07 PM
9
সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত অসমৰ ভাৰোত্তোলক আইচাংফা গগৈৰ সোণৰ পদক দখল
অসমৰ উদীয়মান মহিলা ভাৰোত্তোলক আইচাংফা গগৈয়ে সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনৰ আজি ছোৱালীৰ ৫৫ কিলোগ্রাম ওজন শাখাত ভাৰোত্তোলকগৰাকীয়ে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জয় কৰে। অসমে আজি প্ৰতিযোগিতাখনত আৰু এটা ৰূপৰ পদক জয় কৰে। ভাৰোত্তোলনৰ ল'ৰাৰ ৬৭ কিলোগ্ৰাম ওজন শাখাত অসমৰ অভিনৱ গগৈয়ে ৰূপৰ পদক জয় কৰে। আনহাতে, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ চেপাকটাক্রত অসমৰ ল'ৰাৰ দলে সোণৰ পদক লাভ কৰিছে। কালি নি...