May 11, 2025 8:07 PM

views 21

সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত অসমৰ ভাৰোত্তোলক আইচাংফা গগৈৰ সোণৰ পদক দখল

অসমৰ উদীয়মান মহিলা ভাৰোত্তোলক আইচাংফা গগৈয়ে সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনৰ আজি ছোৱালীৰ ৫৫ কিলোগ্রাম ওজন শাখাত ভাৰোত্তোলকগৰাকীয়ে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জয় কৰে। অসমে আজি প্ৰতিযোগিতাখনত আৰু এটা ৰূপৰ পদক জয় কৰে। ভাৰোত্তোলনৰ ল'ৰাৰ ৬৭ কিলোগ্ৰাম ওজন শাখাত অসমৰ অভিনৱ গগৈয়ে ৰূপৰ পদক জয় কৰে। আনহাতে, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ চেপাকটাক্রত অসমৰ ল'ৰাৰ দলে সোণৰ পদক লাভ কৰিছে। কালি নি...

May 8, 2025 11:17 AM

views 18

সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ জনঞ্জয়জ্যোতি হাজৰিকাৰ দ্বিতীয়টো সোণৰ পদক

অসমৰ জনঞ্জয়জ্যোতি হাজৰিকাই বিহাৰত চলি থকা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ প্ৰতিভাৱান সাঁতোৰবিদগৰাকীয়ে ল'ৰাৰ এশ মিটাৰ বাটাৰফ্লাই শিতানত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে জনঞ্জয়ে ল'ৰাৰ ৫০ মিটাৰ বাটাৰফ্লাই শিতানত প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইপিনে টেবল টেনিছৰ ল'ৰাৰ একক শাখাত অসমৰ প্ৰিয়ানুজ ভট্টাচাৰ্য্যই কৰ্ণাটকৰ বৰুণ কাশ্যপক ৩-০ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।