March 22, 2025 9:08 PM March 22, 2025 9:08 PM

views 6

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত নগাঁও-মাকুম ছোৱালী দল

নগাঁও-মাকুমৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰতিযোগিতাৰ অন্তিম চাৰিখন লীগৰ খেলৰ পাছত মাকুমে গ্রুপ-এৰ শীৰ্ষ দল হিচাপে আৰু নগাঁও দলে গ্ৰুপ- বিৰ শ্ৰেষ্ঠ দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ পুৱা চাৰে ৯ বজাত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। কাইলৈ আবেলিৰ পৰা ছাব জুনিয়ৰ লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব।