December 13, 2024 6:34 PM

views 20

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমীনে শুভাৰম্ভ কৰে। যোৰহাট জিলাৰ মৰিয়নিতো খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে।

November 14, 2024 9:03 PM

views 15

ৰাজ্যৰ কেইবাখনো জিলাত খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্ৰহণ কৰি আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ বিভিন্ন জিলাত আৰম্ভ হৈছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাতত খেল মহাৰণৰ কাৰ্যসূচীৰ অংশ হিচাপে চাইক্লিং প্রতিযোগিতাৰ ফ্লেগ অফ কৰে। বোকাখাত পৌৰসভা কার্যালয় চৌহদত অনুষ্ঠিত খেল মহাৰণৰ কাৰ্যসূচী উদ্বোধন কৰি মন্ত্ৰী শ্ৰীবৰাই খেল মহাৰণৰ জৰিয়তে গ্রামাঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত হোৱাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে। আনহাতে চৰাইদেউ জিলাতো গাঁও পঞ্চায়ত পৰ্যায...