February 8, 2025 8:47 PM

views 15

ৰাজ্যৰ কেইবাখনো জিলাত খেল মহাৰণৰ দ্ৱিতীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

খেল মহাৰণ দ্বিতীয় পৰ্যায়ত শোণিতপুৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হয়। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই প্রতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালীও উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয়, যে খেল মহাৰণৰ মঞ্চৰ জৰিয়তে অসম চৰকাৰে স্থানীয় প্ৰতিভাসম্পন্ন খেলুৱৈসকলক সুযোগ দিব বিচাৰিছে। তেওঁ গাঁও পঞ্চায়ত আৰু বিধানসভা সমষ্টি স্তৰৰ খেলসমূহ সফলভাৱে সম্পন্ন হোৱা বাবে আয়োজকসকলক প্ৰ...