September 17, 2025 1:02 PM September 17, 2025 1:02 PM
22
দৰং জিলাৰ দিপিলাৰ খটৰা সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে
দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত কালিৰেপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৰম শিষ্য নেচাকণীয়া গোবিন্দ আতাই প্রতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। কালি পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই উৎসৱ পূর্বে সত্ৰৰ চাৰিৰে মাজতে সীমাবদ্ধ আছিল যদিও পাছলৈ বর্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ পালন কৰিবলৈ লোৱা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি দধিম...