August 19, 2025 8:17 PM August 19, 2025 8:17 PM
6
ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ
গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি আৰু সভানেত্ৰীসকলৰ ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰি নৱ নিৰ্বাচিত সভাপতি তথা সভানেত্রীসকলক সততা, দায়বদ্ধতা আৰু নিষ্ঠা বজাই ৰাখি গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ লগতে পঞ্চায়ত এলেকাত বিভাগীয় আঁচনিসমূহৰ ৰূপায়ন প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত থকা নিয়মাৱলীসমূহ খৰচি মাৰি বুজি ল...