August 19, 2025 8:17 PM

views 16

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি আৰু সভানেত্ৰীসকলৰ ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰি নৱ নিৰ্বাচিত সভাপতি তথা সভানেত্রীসকলক সততা, দায়বদ্ধতা আৰু নিষ্ঠা বজাই ৰাখি গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ লগতে পঞ্চায়ত এলেকাত বিভাগীয় আঁচনিসমূহৰ ৰূপায়ন প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত থকা নিয়মাৱলীসমূহ খৰচি মাৰি বুজি ল...

August 9, 2025 12:14 PM

views 20

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত সভা অনুষ্ঠিত

 ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূৰ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কালি এখন সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী বিষয়া, সামৰিক আৰু অৰ্ধসামৰিক বাহনীৰ বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্ততিৰ বিষয়ে আলোচনা কৰে। ইপিনে কামৰূপ জিলা প্ৰশাসনে স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছে। আমিনগাঁৱৰ ৰেলৱে খেলপথাৰত হ’বলগীয়া স্বাধীনতা দিৱসৰ পেৰেডত অসম আৰক্ষীৰ তিনিশ জোৱানৰ উপৰি জিলাখনৰ ভালেকেইখন বিদ...

November 29, 2024 6:32 PM

views 22

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হ'ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহকী হস্তশিল্প আৰু পৰম্পৰাগত সামগ্ৰী লাভ কৰিব পাৰিব। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই মেলাই মহিলা সবলীকৰণৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এই মেলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে...