October 3, 2025 12:22 PM
20
নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা অনুষ্ঠিত
নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত কালি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ আৰু খাদী গ্রামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাই দিয়া হ'ব। কালি আৰম্ভ হোৱা আৰু অহা ৫ নবেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ-২০২৫লৈ এই ৰেহাই ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন...