March 31, 2025 8:46 PM March 31, 2025 8:46 PM
40
যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস
গীত আৰু কাব্য সৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি থৈ যোৱা যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। গীত-কবিতাৰ লগতে সাংবাদিকতা আৰু শিক্ষাৰ ক্ষেত্ৰলৈও অনৱদ্য অৱদান আগবঢ়োৱা মহন্তই ২০০৬ চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মোৰ শুকান কলিজাত কুঁহিপাত আগন্তককে ধৰি ৮খন কবিতা পুথি, ৯খন অনুবাদ সাহিত্য, মা আমি শদিয়ালৈ যামে আৰু অন্যান্য শিশু সাহিত্য, কমেও ১০খন চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰা গীতিকাৰ গৰাকীয়ে ৰ'দ জিকিমিকি, মোৰ যে কিমান হেঁপাহ, বুকুত এজাক...