June 20, 2024 7:50 PM

views 20

পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

ৰাজ্যৰ নৱনিযুক্ত পৰিবহন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিভাগটোৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত পৰিবহন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা পৰিবহন মন্ত্ৰী শ্ৰীমহন্তই বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰিবহন বিভাগৰ শাখাসমূহৰ আভ্যন্তৰীণ গাঁথনি, ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া তথা নিয়মীয়া কাম-কাজ আদিৰ বুজ লয় আৰু কৰ সংগ্ৰহৰ ক্ষেত্ৰত জনসাধাৰণ যাতে বিশেষ অসুবিধাত নপৰে, সেই বিষয়ে যথাসম্ভৱ নজৰ ৰাখিবল...