November 27, 2024 9:10 PM

views 11

সোণাপুৰত নিৰ্মীয়মাণ বিজ্ঞান নগৰী পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তসহ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ

কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আজি বিয়লি গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ টেপেছিয়াত নিৰ্মীয়মাণ 'গুৱাহাটী বিজ্ঞান নগৰী' (ছায়েন্স চিটি) প্ৰকল্পথলী পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনকালত ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰী, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক বিজয় শংকৰ শৰ্মা,  অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছ...