July 13, 2025 1:46 PM July 13, 2025 1:46 PM
4
গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ নতুন দিল্লীত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ বৈঠক; ডিচেম্বৰত উদ্বোধনৰ লক্ষ্য
সোণাপুৰত নির্মিয়মাণ গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ কালি নতুন দিল্লীত ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জয়পুৰ হাউছস্থিত ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰহালয়ত প্ৰায় দুঘণ্টা ধৰি হোৱা এই বৈঠকত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে নিৰ্মাণ কৰি থকা এই বিজ্ঞান নগৰী প্ৰকল্প অহা ডিচেম্বৰৰ ভিতৰতে উদ্বোধনৰ লক্ষ্য স্থিৰ কৰি বাকী থকা কামকাজৰ ক্ষিপ্ৰ ৰূপায়নৰ সৈতে জড়িত সকলো দিশৰ ...