October 30, 2025 8:49 PM

views 21

গুৱাহাটী বিজ্ঞান নগৰী সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

তথ্য প্রযুক্তি, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিজ্ঞান প্রযুক্তি, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ, পৰিসৰ, গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্প আৰু ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গুৱাহাটী বিজ্ঞান নগৰীক লৈ বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰকল্পটো ডিচেম্বৰৰ শেষভাগলৈ উদ্বোধন কৰিব পৰাকৈ অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য খৰতকীয়াকৈ সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে।