July 25, 2025 12:19 PM July 25, 2025 12:19 PM

views 8

নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষৎ ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ' কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষৎ কৰি ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতি জোৰা মৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা সাহায্য আগবঢ়াবলৈ আৰু ৰাজ্যিক দুৰ্যোগ প্রশমন পুঁজিৰ পৰা ৰাজ্যই পাবলগীয়া অৱশিষ্ট কেন্দ্ৰীয় ধনৰাশি মোকলাই দিবলৈ গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনায়। তেওঁ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী অধিক পেছাগত কাৰিকৰী দক্ষতাৰে সমৃদ্ধ কৰিব...