August 4, 2024 5:57 PM August 4, 2024 5:57 PM
8
কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত
কেৰালাৰ ভূমিস্খলন প্রভাৱিত বায়নাদত আজি একেৰাহে ৬ দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে। এই অভিযানত কালি ৪ টা শৱদেহ উদ্ধাৰ হয়। ইয়াৰে ভিতৰত ৩ টা শৱদেহ নিলাম্বৰৰ চলিয়াৰ নৈৰ পৰা উদ্ধাৰ কৰা হয়। নৈখনিৰ পৰা ১৩ টা ক্ষত বিক্ষত অংগও উদ্ধাৰ কৰা হৈছে। শসস্ত্র বাহিনীসমূহৰ এহেজাৰ ২৬০ গৰাকী কৰ্মীয়ে প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু মানৱীয় সাহায্যত ব্ৰতী হৈ আছে। ইপিনে, অঞ্চলটোত বাহৰ পাতি থকা মন্ত্ৰীসভাৰ উপ সমিতিয়ে ডার্ক টুৰিজিম এৰাই চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। বিপদসংকুল এলেকাৰ ভ্ৰমণক ডার্ক টুৰিজিম বু...