July 31, 2024 10:34 AM

views 12

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা ১২০ জনলৈ বৃদ্ধি পাইছে। সেনা, বায়ুসেনা আৰু নৌসেনাৰ সমন্বিত প্ৰচেষ্টাত চাৰি শতাধিক লোকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি বায়ুসেনাই বিশেষ বিমানৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। সেনাই জনোৱা মতে, মুণ্ডাক্কাই গাঁৱৰ পৰা প্ৰায় ১৫০ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ভাৰতীয় সেনাই মানৱীয় আৰু দুৰ্যোগ সাহাৰ্যৰ প্ৰয়াসক ফলপ্রসু কৰিবলৈ কোজিকোডত এটা নিয়ন্ত্রণ কক্ষও স্থাপন কৰিছে। জিলাখনত ৪৫টা সাহায্য শিবিৰ মুকলি কৰি...