August 22, 2024 11:55 AM August 22, 2024 11:55 AM

views 3

পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক জয়ী ভাৰতীয় হকী দলৰ প্ৰাক্তন গ’লৰক্ষক পি আৰ শ্ৰীজেশলৈ ২ কোটি টকাৰ পুৰস্কাৰ কেৰালা চৰকাৰৰ

কেৰালা চৰকাৰে ভাৰতীয় হকী দলৰ প্ৰাক্তন গ'লৰক্ষক তথা পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী পি আৰ শ্ৰীজেশলৈ ২ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সভাপতিত্বত কালি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেৰালা চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে সামাজিক মাধ্যমযোগে কৈছে যে ভাৰতীয় হকীৰ ‘গ্রেট ৱাল’ হিচাপে খ্যাত ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ কিঝাক্কাম্বালম গাঁৱৰ পি আৰ শ্রীজেশে পেৰিছ অলিম্পিকত নিজৰ দ্বিতীয়টো অলিম্পিক পদক লাভ কৰি ভাৰত আৰু কেৰালাক গৌৰৱান্ব...