May 14, 2024 6:20 PM

views 16

কেৰালাৰ কোঝিকোড়েত এম্বুলেন্সত জুই, এগৰাকী ৰোগীৰ মৃত্যু

কেৰালাৰ কোঝিকোড়েত আজি পুৱা এগৰাকী ৫৭ বছৰীয়া মহিলা ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্সত জুই লগাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়। এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা মহিলাগৰাকীক আন এখন হাস্পতাললৈ নি থকা অৱস্থাতেই এই দুর্ঘটনাটো ঘটে। ঘটনা সংঘটিত হোৱাৰ সময়ত অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল আৰু এম্বুলেন্সখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুৎ খুঁটাত খুন্দা মৰাৰ পাছতেই এম্বুলেন্সখনত জুই লাগে। এই ঘটনাত এগৰাকী চিকিৎসককে ধৰি আন ছজন লোক আহত হয় বুলি জানিব পৰা গৈছে।